Show/Hide Keyboard Layout

পাখি লগা মনে

- বোলছবি

পাখি লগা মনে

কিয় বাৰে বাৰে

তোৰে কাষলে গুচি যায় ?

অ’ অ’ অ’ অ’ ... অ’ অ’ অ’ অ’ ...

তোৰে কথা ভাবি

উকা উৰুঙা লাগে

একে থিৰে ক’ৰবালে চাই

অ’ অ’ অ’ অ’ ... অ’ অ’ অ’ অ’ ...

 

নপৰেনে মনতে

তাহানিৰে কথাবোৰ

ধূলি-মাকতিৰে খেলা

লুকা-চুৰি, ৰজা-দৌল

এইটোনো কাৰ দৌল ?

ৰজাৰ দৌল

ভাঙিমনে নাভাঙিম ?

নাভাঙিবা

অ’ ...

হাৰিলেই যে পেছ ধৰা

জিকিলেই যে কিৰিলি পৰা

ঢাপলি মেলি ফুৰা

উজুটিত চকুলো সৰা

পলক জপাওঁতেই

সকলো সলনি

সময় পাৰে হৈ

সকলো পূৰণি

বিচাৰিলেও নোপোৱা

অ’ অ’ অ’ অ’ ... অ’ অ’ অ’ অ’ ...

 

দূৰে দূৰে থাকিব

কাহানিবা লাগিব

তোকে এৰি জাননে

নোৱাৰোঁ যে ভাবিব

ৰজাই হুকুম দিছে

এদিম ছেদিম বাই

কি হুকুম দিছে ?

এদিম ছেদিম বাই

অ’ ...

ৰজা ৰাণী খেলোঁতে

হাতে হাত ধৰোতে

ভবা যে নাছিলোঁ জান

এৰিবই নোৱাৰিমে

ধেমালিতে খেলা

ৰজা-ৰাণী হোৱা

মচিব সঁচাকে

কাহানিও নোৱাৰা

তয়ো ভাবনে এতিয়া

অ’ অ’ অ’ অ’ ... অ’ অ’ অ’ অ’ ...

 

পাখি লগা মনে

কিয় বাৰে বাৰে

তোৰে কাষলে গুচি যায়

অ’ অ’ অ’ অ’ ...

অ’ অ’ অ’ অ’ ...

তোৰে কথা ভাবি

উকা উৰুঙা লাগে

একেথিৰে ক’ৰবালে চাই

অ’ অ’ অ’ অ’ ... অ’ অ’ অ’ অ’ ...

অ’ অ’ অ’ অ’ ... অ’ অ’ অ’ অ’ ...

Hits: 1020